তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ কালানদীৰ পাৰত গংগা পূজা উদযাপন

তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ কালানদীৰ পাৰত আজি ননকে আঙাৰকাটা, মোটা কালানদী আঞ্চলিক বান্ধ ডোং সমিতিৰ উদ্যোগত গংগা পূজা উদযাপন কৰা হয়। ১৯৮১ চনৰ পৰা আজিৰ এই তিথিত উক্ত অঞ্চলটোৰ বিভিন্ন ভাষা-ভাষী, জাতি-জনগোষ্ঠীয় লোকসকলে একেলগে সমন্বয়ৰ বাৰ্তাৰে এই গংগা পুজা কৰি আহিছে।
ইয়াৰ পূৰ্বে বান্ধ ডোং শাখা সমিতি সমুহৰ উদ্যোগত বিভিন্ন ঠাইত ইট এই পুজা কৰা হৈছিল যদিও ১৯৮১ চনৰ পৰা ১১টা শাখা সমিতিৰ অন্তর্ভুক্ত ননকে আঙাৰকাটা মটঙা, কালানদী বান্ধ ডোং আঞ্চলিক সমিতিৰ উদ্যোগত আজি পৰ্যন্ত সকলোৱে একেলগে গংগা পুজা কৰি আহিছে। হিন্দু ধৰ্মৰ ৰীতি নীতিৰে দিনযোৰা কাৰ্যসূচীৰে উক্ত অঞ্চলটোৰ ৰাইজে একত্রিত ভাবে গংগা পুজা কৰাৰ লগতে ননকে আঙাৰকাটা মটঙা কালানদী বান্ধ ডোং আঞ্চলিক সমিতিৰ উদ্যোগত এখন সম্বৰ্দ্ধনা সভা অনুষ্ঠিত কৰা হয়। এই সম্বৰ্দ্ধনা সভাত তামুলপুৰৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰী, ২৬ নং দৰঙাজুলী বিটিচি পৰিষদীয় সমষ্টিৰ এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰী, ২ নং পশ্চিম কুমাৰীকাটা ভিচিডিচি অধ্যক্ষ চুকুৰঞ্জন মণ্ডলৰ লগতে কেইবাগৰাকী গন্য মান্য ব্যক্তি উপস্থিত থাকে।
#ppndigital #news #tamulpur #ppn #godnews #pray
Subscribe Us : PPN DIGITAL
Join us in our whatsapp channel:
Follow Us On :
KZread: / @ppndigital
Fecebook: profile.php?...
Instagram: / plus_point_network_
X (Twitter) :
Our contact: Gmail- Gmail : pluspointnetwork360@gmail.com

Пікірлер

    Келесі