সদৌ অসম ছাত্ৰ সন্থা বাক্সা জিলা সমিতিৰ প্ৰতিনিধি সভা সম্পন্ন I

সদৌ অসম ছাত্ৰ সন্থা বাক্সা জিলা সমিতিৰ প্ৰতিনিধি সভা সুৱনখাটাত অনুষ্ঠিত হয়, উক্ত অনুষ্ঠানত উপস্থিত থাকি আছু নেতৃত্বই অনাগত দিনবোৰত সংগঠনটোৰ কৰ্মপন্থাৰ বিষয়ে বিস্তৃত আলোচনা কৰা দেখা যায়,লগতে বৰ্তমানৰ প্ৰেক্ষাপটত বিভিন্ন সমস্যাৰ ওপৰত চৰকাৰলৈ মুকলিকৈ প্ৰশ্ন কৰা দেখা যায়।সভাত উপস্থিত থাকি মুখ্য উপদেষ্টা ড° সমুজ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বাতিল হ'বই লাগিব ,আছুয়ে কা কোনো পধ্যেই মানি নলয়। ইয়াৰোপৰি অসমৰ বাহিৰে উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন হৈ আছে,তাত যদি কা বলবৎ নহয় তেন্তে অসমত কেৱলমাত্ৰ বিদেশী সংস্থাপন কৰাৰ লক্ষ্য লৈছে নেকি চৰকাৰে যদি এনে হয় তেন্তে অসমত আছুয়ে তীব্ৰ প্ৰতিবাদ কৰিব বুলি মত ৰাখে মুখ্য উপদেষ্টা গৰাকীয়ে নিজৰ বক্তব্যত ভট্টাচাৰ্যই অসম চুক্তিৰ ৬নং দফা বলবৎকৰণ, চুক্তিৰ ৮নং দফা অনুসৰি বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ৰূপে স্বীকৃতি প্ৰদান কৰি ইয়াক নিৰাময়ৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা ল'বলৈ চৰকাৰ প্ৰতি আহ্বান জনায়্। সভাত উপস্থিত থাকি সভাপতি উৎপল শৰ্মাই NEET পৰীক্ষাত হোৱা বিসংগতিত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি অস্পষ্ট,অসমৰ বিদ্যালয়সমূহত সময়মতে পাঠ্যপুথি যোগানৰ লগতে মূল্যায়নৰ আগদিনা পৰ্যন্ত মূল্যায়নৰ বহী দিবলৈ অপাৰগ বুলি চৰকাৰক তীব্ৰ সমালোচনা কৰে।
#ppndigital #news #aasu #baksa #ppnupdate

Пікірлер

    Келесі