বাক্সাৰ সুৱণখাটাত বন্যহস্তীৰ সন্ত্ৰাস,ঘৰ দুৱাৰ ভাঙি লণ্ড ভণ্ড কৰে বৃহৎ হস্তীৰ জাকে II

ৰাজ্যত দুদিনৰ পৰা নেৰানেপেৰা বৰষুণ দি থকাৰ সমান্তৰালভাৱে বাক্সা জিলাৰ বিভিন্ন প্ৰান্তত বন্য হস্তীৰ জাকে সন্ত্ৰাস সৃষ্টি কৰিছে।নিশা নেৰানেপেৰা বৰষুণৰ মাজতে হাতীৰ জাকে ঘৰ- দুৱাৰ ভাঙি ত্ৰাসৰ সৃষ্টি কৰিছে বাক্সাৰ সূৱণখাটাত।
হাতীৰ আক্ৰমণত নিজৰ পজাঁটি হেৰুৱাই ওৰেটো নিশা বৰষুণত তিথি বুৰিয়ে পাৰ কৰি দিশহাৰা হৈছে উৎপল সূত্ৰধৰ নামৰ ব্যক্তিগৰাকী।উল্লেখ্য যে জিলাখনৰ সূৱণখাটা অঞ্চলত নিশা বনৰীয়া হাতীৰ এটা জাকে প্ৰৱেশ কৰি কেবাটাও পৰিয়ালৰ ঘৰ- দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে দুটা ভাগত বিভক্ত হোৱা জাকটোৱে ধানৰ কঠিয়া, তামোল, নাৰিকল, কল আদি খাই তহিলং কৰে। এফালে নেৰানেপেৰা বৰষুণ, আনফালে বনৰীয়া হাতীৰ সন্ত্ৰাসে বৰ্তমানে অঞ্চলটোৰ ৰাইজক আতংকিত কৰাৰ লগতে ওজাগৰি নিশা পাৰ কৰিবলৈ বাধ্য কৰি তুলিছে।
#ppndigital #news #elephantattack #baksa #letestnews #brekingnews #morningnews
Subscribe Us : PPN DIGITAL
Join us in our whatsapp channel:
Follow Us On :
KZread: / @ppndigital
Fecebook: profile.php?...
Instagram: / plus_point_network_
X (Twitter) :
Our contact: Gmail- Gmail : pluspointnetwork360@gmail.com

Пікірлер

    Келесі